February 14, 2025 12:14 PM | Kumbhabani radio station

printer

প্ৰয়াগৰাজৰ কুম্ভৱাণী ৰেডিঅ’ কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত নৱনীত ছেহগালৰ অংশগ্ৰহণ

মহাকুম্ভ মেলাৰ বা-বাতৰি প্ৰচাৰ কৰা কুম্ভাৱাণী কেন্দ্ৰই সত্য আৰু নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত থকা প্ৰসাৰ ভাৰতীৰ উদ্দেশ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত ছেহগালে প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ কুম্ভৱাণী ৰেডিঅকেন্দ্ৰত কালি আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীছেহগালে এই কথা প্ৰকাশ কৰে। তেওঁ কুম্ভৱাণী কেন্দ্ৰৰ কাম-কাজৰ শলাগ লয় আৰু কয় যে, মহাকুম্ভ মেলাৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। শ্ৰীছেহগালে চেক্টৰ ফৰৰ নেনী এৰিয়েল সংগত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ ষ্টুডিঅসমূহো নিৰীক্ষণ কৰে। তেওঁ এই ষ্টুডিঅ সমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে মহাকুম্ভ মেলাৰ বিভিন্ন দিশৰ পুংখানুপংখ প্ৰচাৰ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰসাৰ ভাৰতীয়ে আকাশবাণী, কুম্ভৱাণী, দূৰদৰ্শন আৰু ৱেভছ অ টি টিৰ মাধ্যমেৰে প্রায় ৭৫ৰ পৰা ১০০ কোটি জনসাধাৰণক সামৰি লৈছে বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।