কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ মোনা বিলত আজি ছটা বনৰীয়া ম’হৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মোনা বনশিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া তহলৰ সময়ত মৃত ম’হকেইটা প্ৰত্যক্ষ কৰি বনবিভাগৰ উচ্চ পদস্থ বিষয়া আৰু পশু চিকিৎসকৰ দলক অৱগত কৰে। বিলৰ মাজত একেলগে পৰি থকা দুটা মতা আৰু চাৰিজনী মাইকী ম’হৰ মৃত্যুৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ পাছত বজ্ৰ পৰি ম’হকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।
Assamese | July 31, 2025 8:17 PM | kazioranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মোনা বিলত আজি ছটা বনৰীয়া ম’হৰ মৃতদেহ উদ্ধাৰ