কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত কালিৰে পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পল্টন বজাৰৰ নেহৰু যুৱ কেন্দ্ৰৰ আৱাসত উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যৰ মুঠ ২৫ গৰাকী যুৱ প্রতিনিধিয়ে এই কাৰ্যসূচীৰ অধীনত ভাষা আৰু সাংস্কৃতিক সমন্বয়ৰ উদ্দেশ্যৰে একগোট হোৱাৰ লগতে সমল ব্যক্তিৰ দ্বাৰা শৈক্ষিক কার্যসূচী, যোগ অভ্যাস, ক্ষেত্র ভ্রমণ, ভাৰত বিষয়ক কুইজত অংশগ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কেছিয় কৰণ পেগুৱে অঞ্চলটোৰ যুৱ শক্তিৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বিকাশৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উদ্বোধনী অনুষ্ঠানত মন্তব্য কৰে ৷
Assamese | February 22, 2025 9:28 PM | kamrup youth
কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৫ দিনীয়াকৈ সীমান্ত এলেকা যুৱ আদান-প্রদান কাৰ্যসূচী