যোৰহাট জিলাৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অর্থসাহায্যত প্রকৃতি সম্পৰ্কীয় প্রশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ ৩ খন কেন্দ্রীয় বিদ্যালয়, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ লগতে বায়ুসেনা কেন্দ্ৰৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ কেইগৰাকীয়ে শিবিৰত অংশগ্ৰহণ কৰি প্ৰকৃতি সংৰক্ষণ তথা মানুহৰ জীৱন শৈলী সলনি কৰি পৃথিৱীখনক সুন্দৰভাৱে গঢ়ি তুলিবলৈ ছাত্র-ছাত্রীসকলক আহ্বান জনায়। প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্নীয়ে দেশৰ বন সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই শিবিৰৰ অংশ হিচাপে শিক্ষাৰ্থীসকলক প্রতিষ্ঠানটোৰ বিভিন্ন বিষয়ৰ উপৰি কঁহৰাৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্র্য উদ্যান, বন্য জীৱ- জন্তু উদ্ধাৰ কেন্দ্ৰ, এৰী-মুগা গৱেষণা প্ৰতিষ্ঠান আদি ভ্ৰমণ কৰোৱা হ’ব।
Assamese | August 21, 2024 8:47 PM | jorhat rainforest workshop
যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত প্রকৃতি সম্পৰ্কীয় প্রশিক্ষণ শিবিৰ