সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪ হাজাৰ ৯৬ কিলোমিটাৰ জোৰা এলেকাত অবৈধ নির্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ অঞ্চলটোত নিয়োজিত ক্ষেত্র বিষয়াসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰটোত সীমান্ত অঞ্চলত এনে ৮০ টা অবৈধ নিৰ্মাণৰ ঘটনা পোহৰলৈ আহিছিল। বাহিনীটোৰ উত্তৰ বংগ সীমান্তই প্ৰকাশ কৰা মতে এনে নির্মাণ ক্রমান্বয়ে বৃদ্ধি পাইছে। সীমান্ত সুৰক্ষা বাহিনীয়ে কালি জাৰি কৰা এটা বিবৃতিত এই বিষয়ে প্রকাশ কৰা হৈছে। এই অনুসৰি অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বাংলাদেশী ভাৰতৰ সীমান্ত অঞ্চলৰ দক্ষিণ দিনাজপুৰ জিলাৰ মালিকপুৰত যোৱা ৫ ফেব্ৰুৱাৰীৰ নিশা প্ৰৱেশ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায়। ইয়াৰ ফলত এজন জোৱান আহত হোৱাৰ লগতে এজন বাংলাদেশী নাগৰিক আহত হয়। বাংলাদেশীজনে ভাৰতত মাদকদ্ৰব্যৰ চোৰাং সৰবৰাহ আৰু ডকাইতিৰ অভিসন্ধিৰে প্ৰৱেশ কৰা বুলি বাহিনীটোৰ সূত্ৰই প্ৰকাশ কৰে। এই লোকসকলে বি এছ এফৰ জোৱানৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰো চেষ্টা চলাইছিল যদিও সফল নহ’ল বুলি সূত্ৰটোত প্ৰকাশ পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো সীমান্ত সুৰক্ষা গোটকে কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Assamese | February 6, 2025 12:38 PM | indu-bangla border bsf
ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নির্মাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ক্ষেত্র বিষয়াসকলক নিৰ্দেশ