ভাৰতীয় নৌসেনাই মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ এম এন ডি এফ হুৰাভি নামৰ জাহাজখন পুনৰ মেৰামতি কৰি দেশখনক উপহাৰ দিবলৈ সমৰ্থ হৈছে। ভাৰতৰ মহাসাগৰ আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত মুম্বাই পোতাশ্রয়ত এই মালদ্বীপৰ এই পুৰণি জাহাজখন সম্পূর্ণ নতুন সা-সৰঞ্জাম সংযুক্ত কৰি ইয়াক ব্যৱহাৰ উপযোগী কৰা হৈছে। নতুনকৈ সাজি উলিওৱা এই জাহাজখনে আজি মুম্বাই পোতাশ্রয়ৰ পৰা মালদ্বীপ অভিমুখে ৰাওনা হয়। যোৱা বছৰৰ ১৩ নৱেম্বৰত মালদ্বীপৰ এই জাহাজখনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। এই সময়ছোৱাত ভাৰতীয় নৌ বাহিনীয়ে জাহাজখনৰ ইঞ্জিনৰ পুংখানুপুংখ মেৰামতি, ইয়াৰ অস্ত্ৰ প্ৰণালী আৰু অভিযানকালত ব্যৱহৃত চেঞ্চৰসমূহ উন্নত কৰা হয়। ইয়াৰ পাছত ভাৰতীয় নৌবাহিনীয়ে জাহাজখন অভিযান উপযোগী হৈ উঠিছে নে নাই সেই বিষয়ে বিভিন্ন পৰীক্ষা, নিৰীক্ষা আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থা অধ্যয়ন কৰি মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ নাৱিক আৰু সৈনিকসকলক প্ৰশিক্ষণ প্ৰদান কৰে। নতুনকৈ সজাই তোলা এই জাহাজখনে ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাৰ এটা নতুন অধ্যয় সূচনা কৰিব বুলি আশা কৰা হৈছে।
Assamese | April 21, 2025 8:14 PM | Indian Navy
ভাৰতীয় নৌসেনাৰ মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ এম এন ডি এফ হুৰাভি জাহাজখন পুনৰ মেৰামতি