অসমত ভাৰতীয় চিকিৎসা গবেষণা পৰিষদৰ পৰা লাভ কৰা ভ্রাম্যমান স্ট্রোক গোটে স্ট্রোকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। এই উদ্যমৰ ফলত চিকিৎসাৰ সময় ২৪ ঘণ্টাৰ পৰা দুঘণ্টালৈ হ্রাস পাইছে আৰু স্ট্রোকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এক তৃতীয়াংশ হ্রাস পাইছে। একেদৰে স্ট্রোকত পৰি হোৱা বিকলাংগতা ৮ গুণ হ্রাস পাইছে। ভ্রাম্যমান ম’বাইল স্ট্রোক গোটে ৰাজ্যৰ দূৰণিবটীয়া এলেকাৰ ৰোগীসকলক ক্ষিপ্র সাহায্য আৰু চিকিৎসা প্রদানৰ পথ প্রশস্ত কৰিছে। ভ্রাম্যমান স্ট্রোক গোটসমূহ একপ্ৰকাৰৰ ভ্ৰাম্যমান চিকিৎসালয় আৰু এই চিকিৎসালয় চিটি স্কেনাৰ, বিশেষজ্ঞৰ সৈতে দূৰ-সংযোগ ব্যৱস্থাৰে চিকিৎসা গ্ৰহণৰ সুবিধা, ক্ষুদ্ৰ পৰীক্ষাগাৰ আৰু ৰক্ত নলীকাৰ ব্লকেজ খোলাৰ ঔষধেৰে সু-সজ্জিত। ভ্রাম্যমান স্ট্রোক ইউনিটৰ জৰিয়তে ৰোগীসকলক নিজৰ ঘৰতে বা ওচৰৰ এলেকাত স্ট্রোকৰ ক্ষিপ্ৰ চিকিৎসা প্রদান কৰিব পৰা যায়। ভাৰতীয় চিকিৎসা গবেষণা পৰিষদৰ সঞ্চালক প্রধান তথা স্বাস্থ্য গবেষণা বিভাগৰ সচিব ডাঃ ৰাজীৱ বহলে কয়, যে ভাৰত স্ট্রোকত আক্ৰান্ত ৰোগীসকলক এনেধৰণৰ চিকিৎসা সুবিধা আগবঢ়োৱা বিশ্বৰ দ্বিতীয়খন দেশ।
Assamese | January 22, 2026 7:47 PM | Indian medical council
ভ্রাম্যমান স্ট্রোক গোটৰ স্ট্রোকৰ চিকিৎসা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা