ডাক বিভাগে শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় গ্ৰন্থৰ বহনসাধ্য বিতৰণৰ বাবে জ্ঞান পোষ্ট নামৰ সুকীয়া ডাকসেৱা আৰম্ভ কৰিছে। দুর্গম আৰু গ্ৰামাঞ্চলকে ধৰি সমগ্ৰ দেশত ছপা শৈক্ষিক সামগ্রী সুলভ কৰি শৈক্ষিক ব্যৱধান হ্ৰাস কৰাই নতুন শিক্ষা নীতিৰ লক্ষ্য অনুযায়ী আৰম্ভ কৰা এই সেৱাৰ মূল উদ্দেশ্য। জ্ঞান ডাক সেৱাৰ অধীনত ৩০০ গ্রাম পর্যন্ত পেকেটৰ বাবে ২০ টকা আৰু ৫ কিলোগ্ৰাম পৰ্যন্ত পেকেটৰ বাবে সৰ্বাধিক ১০০ টকা ধার্য কৰা হৈছে। স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা সুনিশ্চিত কৰাৰ বাবে এই সেৱা যোগে প্ৰেৰণ কৰা সামগ্ৰী গন্তব্য স্থান পাইছে নে নাই সেয়া পৰীক্ষা কৰি চোৱাৰ সুবিধাও উপলব্ধ হ’ব। এই বিষয়ে অধিক তথ্যৰ বাবে ওচৰৰ ডাকঘৰৰ সৈতে যোগাযোগ কৰিব পৰা যাব অথবা ভাৰতীয় ডাক বিভাগৰ ৱেবছাইটত চাব পৰা যাব।
Assamese | June 13, 2025 12:19 PM | india post jyan post new
শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় গ্ৰন্থৰ বহনসাধ্য বিতৰণৰ বাবে ডাক বিভাগৰ ‘জ্ঞান পোষ্ট’ নামৰ সেৱা আৰম্ভ