চৰকাৰে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযানৰ অধীনত গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা ২৭ এপ্ৰিললৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে এনে প্ৰস্তাৱ দাখিলৰ অন্তিম সময় ১২ এপ্রিল ধাৰ্য কৰা হৈছিল। ২০২৯-৩০ বিত্তীয় বৰ্ষ পর্যন্ত ১৯ হাজাৰ ৭৪৪ কোটি টকাৰ আৱণ্টনেৰে যোৱা বছৰ জানুৱাৰীত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আৰম্ভ কৰা হৈছিল। নতুন আৰু নবীকৰণ যোগ্য শক্তি মন্ত্ৰ্যালয়ে কৈছে যে, বিভিন্ন পক্ষৰ পৰা লাভ কৰা অনুৰোধলৈ চাই প্ৰস্তাৱ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। গৱেষণা আৰু উন্নয়ন আঁচনিৰ জৰিয়তে সেউজ হাইড্ৰ’জেনৰ উৎপাদন, মজুতকৰণ, পৰিবহণ আৰু ব্যৱহাৰ অধিক বহনসাধ্য কৰি তুলিব বিচৰা হৈছে। সেউজ হাইড্ৰ’জেন মূল্য শৃংখলাৰ সৈতে জড়িত সংশ্লিষ্ট প্ৰক্ৰিয়া আৰু প্ৰযুক্তিসমূহ অধিক দক্ষ, নিৰাপদ আৰু নিৰ্ভৰযোগ্য কৰি তোলাই ইয়াৰ উদ্দেশ্যে।
Assamese | April 10, 2024 11:43 AM
গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা ২৭ এপ্ৰিললৈ বৃদ্ধি