মানকাচৰৰ হাটশিঙিমাৰীত আজি জিলা বিজেপিৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়। হাটশিঙিমাৰী প্ৰেছ ক্লাবত অনুষ্ঠিত এই আলোচনাচক্ৰত বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, জ্যেষ্ঠ নাগৰিক আৰু কেইবাগৰাকী বিজেপি কর্মী উপস্থিত থাকে। ধুবুৰী পৌৰ নিগমৰ পৌৰপতি ডাঃ দেবময় স্যানাল মুখ্য অতিথি হিচাপে উপস্থিত থাকি বাজেট সন্দৰ্ভত আলোচনা আগবঢ়ায়। এই আলোচনা-চক্ৰত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ছাহেৰ আলী, অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক ড০ মনিৰুজামান শেখসহ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে নিজৰ মতামত প্ৰকাশ কৰে। এই আলোচনা-চক্ৰৰ অন্তত ধুবুৰীৰ পৌৰপতি ডাঃ স্যানলে এখন সংবাদমেল আয়োজন কৰি বাজেটৰ লাভালাভ সম্পৰ্কে প্ৰকাশ কৰে।
Assamese | February 22, 2025 7:07 PM | hatsingimari meeting budget
মানকাচৰৰ হাটশিঙিমাৰীত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা-চক্ৰ