কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে অহা কেইবা মাহৰ বাবে ভাৰতত ইন্ধন যোগান পর্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। কালি পেট্ৰ’লিয়াম সচিব আৰু ৰাজহুৱা শক্তি খণ্ডৰ মুৰব্বীসকলৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰী পুৰীয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। ইজৰাইলে ইৰানৰ ওপৰত কৰা আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় ইন্ধনৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। শ্ৰী পুৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ইন্ধনৰ উপলব্ধতা, ব্যয় সাধ্য আৰু বহনক্ষম নীতি যুগুত কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, ভাৰতে বছৰি ১৫০ বিলিয়ন ইউ এছ ডলাৰ মূল্যৰ ইন্ধন আমদানি কৰে। ইয়াৰে ৮০ শতাংশ খাৰুৱা তেল।
Assamese | June 14, 2025 9:28 AM | HardeepSPuri natural gas
ভাৰতত অহা কেইবা মাহৰ বাবে ইন্ধন যোগান পর্যাপ্ত পৰিমাণে মজুত আছেঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ পুৰী