July 2, 2026 12:04 PM | Amarnath Yatra

printer

অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ আজি পুৱা শুভাৰম্ভ

 জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু-কাশ্মীৰৰ উপ- ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ ব’ৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। এইবাৰ ৫৫ হাজাৰ তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ’ব। ৫৭ দিন ধৰি চলিবলগীয়া এই যাত্রা কাইলৈ পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনৱান পেহেলগাম পথেৰে আৰু গন্দৰৱল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ’ব। যাত্ৰীসকলৰ থকা-খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি কৰা হৈছে। তীর্থযাত্ৰীসকলে ৪৪ নম্বৰ জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ’ব। পুৱা ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত লখনপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ’ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি-নির্দেশনা মানি অপেক্ষা কৰিব লাগিব।