February 5, 2025 10:41 AM | gunotsav assam 3rd phase

printer

ৰাজ্যত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্রথমদিনা ৯,৮১,৫৬৫গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ক সামৰি অনুষ্ঠিত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কালি প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। কালি প্রথমদিনা ৯ লাখ ৮১ হাজাৰ ৫৬৫ গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন কৰা হয়। মাজুলী জিলাৰ ৪৯৬ খন বিদ্যালয়ত গুণোৎসৱৰ স্বমূল্যায়ন কৰা হয়। মাজুলীৰ বিধায়ক ভুৱনগাম, জালুকবাৰী উপ বন সংৰক্ষক বিষয়া দিম্পী বৰা, বশিষ্ঠ উপ-বন সংৰক্ষক বিষয়া শৈলেন দাস আৰু অসম শক্তি বিভাগৰ যুটীয়া সচিব মধুচন্দ্র তালুকদাৰে আজিৰেপৰা বিদ্যালয়সমূহত বহিঃমূল্যায়নত ভাগ ল’ব। উল্লেখযোগ্য যে ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমা হাচাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত অহা ৭ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মুঠ ৪ হাজাৰ ৯৬৭ গৰাকী বহিঃমূল্যায়কে ১১ লাখ ৩৮ হাজাৰ ২৭৫ গৰাকী শিক্ষার্থীৰ বহিঃমূল্যায়ন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।