♦ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া এটা নিৰ্দেশ খাৰিজ কৰিছে। ইয়াৰ লগে লগে শ্ৰীশৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাত জটিলতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এজন ব্যক্তিব অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে সাংসদগৰাকী বড়ো-কছাৰী সম্প্ৰদায়ৰ অন্তর্গত নহয় বুলি নির্দেশনা প্রদান কৰিছিল। এই নির্দেশৰ পাছতেই জনজাতি পৰিক্ৰমা বিভাগে শ্ৰীশবণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰখন বাতিল কবে। সাংসদগৰাকীয়ে ইয়াৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত এজনীয়া বিচাৰপীঠে সকলো চৰকাৰী নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল যদিও আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই স্থগিতাদেশ খাৰিজ কৰে। ন্যায়ালয়ৰ লগতে সাংসদগৰাকীৰ এজনীয়া বিচাৰপীঠত চলি থকা গোচৰটো প্ৰয়োজন সাপেক্ষে দৈনন্দিন ভিত্তিত শুনানি লৈ নিষ্পত্তি কৰিবলৈও নির্দেশনাটোত উল্লেখ কৰে৷
Assamese | April 4, 2024 8:53 PM | Assam | Guwahati High Court | Guwahati News | MP | Naba Sarania
সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ