শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নির্গমন অহা দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ – কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। গেছ নির্গমনৰ উৎস বন্ধ কৰাৰ বাবে গুৱাহাটীৰ পৰা নিয়া বুম ক্রেন অর্থাৎ দীঘলীয়া ক্রেনখনকো কামত লগোৱা হৈছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে গেছ নিগমনৰ পৰিমাণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ঘটনাস্থলীৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ বাহিৰৰ অঞ্চলত ঘৰুৱা ৰন্ধন কাৰ্য চলোৱাৰ অনুমতি দিছে। কালি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহন, প্রদেশ বিজেপিৰ উপ-সভাপতি তপন গগৈ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নেতৃত্বৰ সঁজাতি দলটোৱে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকক আশ্বস্ত কৰাৰ প্ৰয়াস চলায়। আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীয়ে জনোৱা মতে ঘটনাস্থলীত বর্তমান শব্দ প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে আৰু বৰষুণো এৰাত গেছ নির্গমন প্ৰতিৰোধ ব্যৱস্থা অধিক গতিশীল হৈছে।
Assamese | June 24, 2025 8:15 PM | sibsagar gas lick
ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ গেছ নির্গমন অহা দুই-এদিনৰ ভিতৰতে নিয়ন্ত্ৰিত হোৱাৰ আশা