November 8, 2024 12:24 PM | by-election

printer

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ‘বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল‘ব। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই কালি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি চিদলী বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবেও ৰাজ্যৰ মূল ৰাজনৈতিক দলসমূহেও প্ৰচাৰ অভিযান চলাই আছে। সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি বিজেপিৰ লগতে অগপৰ কেইবাজনো জ্যেষ্ঠ নেতাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কংগ্ৰেছ দলেও সমষ্টিটোত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।