ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক-কর্মচাৰীৰ উপস্থিতি আৰু নিৰ্ধাৰিত সময়ত কৰ্তব্য সম্পাদন কৰাটো নিশ্চিত কৰিবলৈ নতুন নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুযায়ী শিক্ষক-কর্মচাৰীসকলে বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত বাধ্যতামূলকভাৱে চিহ্নিত কৰিব লাগিব। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিক্ষাক-কৰ্মচাৰীসকল নিৰ্ধাৰিত সময়ৰ ১৫ মিনিট পলমকৈ বিদ্যালয়ত উপস্থিত হ’ব নোৱাৰিব। একেদৰে নিৰ্দিষ্ট সময়ৰ ১৫ মিনিট পূর্বেও কোনেও কর্তব্যস্থলী এৰি যাব নোৱাৰিব। কৰ্তব্যস্থলীত নির্দিষ্ট সময়তকৈ পলমকৈ উপস্থিত হোৱা বা নির্দিষ্ট সময়ৰ পূৰ্বে ত্যাগ কৰাৰ দৰে কাৰ্য প্ৰতিমাহত ২ বাৰকৈ অধিক হ’লে শিক্ষক-কৰ্মচাৰী অৰ্ধদিনৰ আৰ্জিত ছুটী কৰ্তন হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইফালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গৰম বন্ধৰ আগে আগে ৰাজ্যৰ যিসকল শিক্ষক বদলিৰ বাবে যোগ্য তেওঁলোকে বদলিৰ চৰকাৰী নিৰ্দেশনা লাভ কৰিব বুলিও প্ৰকাশ কৰিছে।
Assamese | June 9, 2024 12:31 PM | education sikshasetu app
ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীৰ বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত চিহ্নিত কৰাটো বাধ্যতামূলক