কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক ৰাজ্যসমূহৰ বিত্ত মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ উদ্বোধনী সত্ৰত অংশগ্ৰহণ কৰে।
বিত্ত মন্ত্ৰালয়ৰ সামাজিক মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে এই দুদিনীয়া সন্মিলনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্ত নীতিসমূহৰ ক্ষেত্ৰত আলোকপাত কৰা হৈছে। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা অনষ্ঠিত হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে।
এই সন্মিলনত অসম, দিল্লী, গোৱা, কেৰেলম আৰু জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল, বিহাৰ আৰু ওড়িশাৰ উপ-মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে।