অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ’ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে।
গীতিকাৰ, সুৰকাৰ, অভিনেতা, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, বাদ্যযন্ত্রী, কবি আৰু সমাজকর্মী জুবিন গাৰ্গে তেওঁৰ জীৱনকালত প্ৰায় ৪০ টা ভাষাত ৩৮ হাজাৰতকৈও অধিক গীত বাণীবদ্ধ কৰি প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি ৰাখিছে। শিল্পীগৰাকীৰ এনে বহু কালজয়ী সৃষ্টিৰ মাজৰ অন্যতম মায়াবিনী শীৰ্ষক গীতটি তেওঁৰ অনুপস্থিতিৰ পাছতেই প্ৰাৰ্থনালৈ পৰিণত হৈছে।
অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। ১৯৯২ চনত ‘অনামিকা’ শীৰ্ষক গীতৰ শ্ৰৱ্য সংকলনেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
বাংলা ছবি ‘শুধু তুমি’ৰ বাবে ২০০৫ চনত তেওঁ বংগীয় চলচ্চিত্র সমালোচক সংস্থাই আগবঢ়োৱা শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ২০০৭ চনত হিন্দী ছবি গেংষ্টাৰৰ ‘য়া আলী’ শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী-খাচী ছবি ‘ইকজ অব ছাইলেন্স’ৰ বাবে তেওঁ শ্রেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেচাঁ অসম বঁটা আগবঢ়োৱা হয়। গীতৰ লগতে কবিতাৰ জৰিয়তেও শিল্পীগৰাকীয়ে সমাজলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছিল।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত আজি গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ’ব।
সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰেৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া ৬ বজাত কেন্দ্রীয়ভাৱে এই কার্যসূচী অনুষ্ঠিত হ’ব। সদৌ অসম ছাত্র সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ-ছাত্ৰী, স্থানীয় শিল্পী, তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে।
ইপিনে, শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ ৩৯ খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব।
অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পীক সুঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্রজ্বলন, শান্তিপূর্ণ শোভাযাত্রাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত ‘দিয়া ঘূৰাই দিয়া’ গীতটি পৰিৱেশনৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
ডিব্ৰুগড় জিলাত জুবিন দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় প্ৰেছক্লাব, জিলা সাহিত্য সভা, লাহোৱাল প্ৰেছ ক্লাবকে ধৰি শিক্ষানুষ্ঠান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ নৰসিংপুৰত এই দিৱস উপলক্ষে জুবিন গাৰ্গৰ বিষয়ত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰবাসীৰ উদ্যোগত দ’লমুখ চাৰিআলিত আয়োজিত অনুষ্ঠানত সন্ধিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু গীত পৰিৱেশন কৰা হ’ব।
গোৱালপাৰা জিলাৰ সংগম নাট্য গোষ্ঠীয়ে জুবিন দিৱস উপলক্ষে নাম-প্ৰসংগ, আলোকচিত্র প্রদর্শন, বিশেষভাৱে সক্ষম লোকৰ মাজত খাদ্য বিতৰণ, বন্তি প্রজ্বলন, জুবিন গাৰ্গৰ গীত আৰু কবিতা পৰিৱেশন আদি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইপিনে, গোৱালপাৰা জিলা প্ৰশাসনে শিল্পীগৰাকীৰ সোঁৱৰণত আগিয়াত বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। বাক্সা জিলাতো প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।