বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি? বা সংবাদ মাধ্যমে সৰ্বসাধাৰণ জনতাৰ আস্থা অটুট ৰাখিব পাৰিছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত লগ পাব একালত সক্রিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান বিশিষ্ট সাংবাদিকক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | August 22, 2025 12:09 PM | Dristipat_23-August
আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ত উপস্থিত থাকিব একালৰ সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান সাংবাদিক