কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকেই আজি ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন কৰিব । দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বৈঠকত শ্রীউইকেই প্ৰতিগৰাকী বিষয়াক সকলো চৰকাৰী আঁচনিৰ বিষয়ে পুংখানুপুংখভাৱে জানি নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে নিজেই ভালকৈ নাজানিলে আঁচনিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সফল হ’ব নোৱাৰি বুলি মন্তব্য কবে। কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ বহিঃৰাজ্যলৈ প্ৰব্ৰজন বা পলায়ন কৰা জনজাতীয় লোকসকলক সেই স্থানতে সকলো চৰকাৰী আঁচনিৰ সুবিধাসহ নাগৰিকৰ সম্পূৰ্ণ সা- সুবিধা লাভ কৰাতো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট প্ৰশাসনক আহ্বান জনায়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রতিজন সচেতন সংবেদনশীল ব্যক্তিয়ে সামাজিক দায়বদ্ধতাৰে দেশ আৰু সমাজৰ কাৰণে অৰিহণা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে।
Assamese | September 5, 2024 12:39 PM
ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন দুর্গাদাস উইকেইৰ