অসমৰ প্ৰাচীনতম ৰে‘ল ষ্টেচন – ডিব্ৰুগড় টাউন ৰে‘ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত কালি উত্তৰ-পূব সীমান্ত ৰে‘ল কৰ্তৃপক্ষই ডিব্ৰুগড়ত এখন বৈঠকৰ আয়োজন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰ নিগম আৰু ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰা এই বৈঠকত ৰে‘ল কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ বাণীপুৰত থকা ডিব্ৰুগড় ষ্টেচনটোৱে বৰ্তমান ইয়াৰ সামৰ্থ্যতকৈ বহু বেছি ৰে‘লগাড়ীৰ বোজা বহন কৰিব লগা হৈছে বুলি প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিয়ে ডিব্ৰুগড় ৰে‘ল ষ্টেচনৰ বোজা কমোৱাৰ বাবে ভালেকেইখন ৰে‘লগাড়ী পুৰণি ডিব্ৰুগড় টাউন ৰে‘ল ষ্টেচনৰ পৰা চলোৱাৰ পৰামৰ্শ দিয়ে। ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, মেয়ৰ ড০ সৈকত পাত্ৰ আৰু ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত হোৱা এই বৈঠকত উত্তৰ-পূব সীমান্ত ৰে‘লৱেই গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা শতাব্দী এক্সপ্ৰেছ ৰে‘লগাড়ীখন অহা এপ্ৰিল মাহৰ পৰা পুনৰ প্ৰৱৰ্তন কৰা হ‘ব বুলি সদৰি কৰে। সকলো ঠিকে থাকিলে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত অচিৰেই বন্দে ভাৰত ৰে‘লগাড়ীৰ চলাচলো আৰম্ভ হ‘ব বুলি বৈঠকত ৰে‘ল বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰে।
Assamese | December 4, 2024 12:18 PM | Dibrugarh station
ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষৰ বৈঠক