দিল্লী অপেন টেনিছ প্রতিযোগিতাত ভাৰতৰ নিকি পুন্নাচা আৰু জিম্বাব‘ৱেৰ কাৰ্টনি লক পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি দুপৰীয়া হ‘বলগীয়া ছেমি ফাইনেলত যুটিটোৱে ব্রিটেন ডেনমার্কৰ জে ক্লাৰ্ক আৰু জোহানছ ইনজিলড়চেনৰ সন্মুখীন হ‘ব। ভাৰত জিম্বাব‘ৱেৰ যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ প্ৰতিদ্বন্দ্বীক ৬-৩, ২-৬, ১০-৫ ছেটত পৰাস্ত কৰে।
Assamese | February 14, 2025 12:39 PM | Delhi Open Tennis
নিকি পুন্নাচা আৰু কাৰ্টনি লক দিল্লী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ