May 21, 2024 11:55 AM | cultural diversity

printer

আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস

আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত শান্তি আৰু সংহত বিকাশ সম্ভৱ কৰি তোলাত আন্তঃসাংস্কৃতিক আলোচনাৰ গুৰুত্বপূৰ্ণ ভূমিকাক তুলি ধৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। দেখা গৈছে যে, বিশ্বৰ সাম্প্ৰতিক ৯০ শতাংশ সংঘাতেই আন্তঃসাংস্কৃতিক আলোচনাৰ অভাৱৰ বাবে সৃষ্টি হৈছে। এই ক্ষেত্ৰত শান্তি প্রতিষ্ঠা আৰু ফলদায়ক সহযোগিতাৰ বাবে আন্তঃসাংস্কৃতিক আলোচনাক শক্তিশালী কৰি তোলাত প্ৰাথমিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। ইউনেস্ক’ৰ মতে সংস্কৃতি আৰু সৃষ্টিশীল খণ্ড হৈছে বিশ্বজোৰা বিকাশৰ আটাইতকৈ শক্তিশালী উপাদান। কিন্তু ৰাজহুৱা নীতি আৰু আন্তৰ্জাতিক সহযোগিতাৰ ক্ষেত্ৰখনত এই সাংস্কৃতিক আৰু সৃষ্টিশীল খণ্ডই প্রয়োজনীয় গুৰুত্ব পোৱাৰ পৰা বঞ্চিত হৈ আছে। সেয়ে ২০০১ চনৰ পৰা ইউনেস্ক’ই এই দিৱস পালনৰ ব্যৱস্থা কৰে আৰু তাৰ পৰৱৰ্তী বছৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ২১ মে’ক বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস হিচাপে স্বীকৃতি দিয়ে।