দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে। কয়লা মন্ত্র্যালয়ে প্রকাশ কৰা অনুসৰি ২০২২ চনত দেশত ৰে’লপথ আৰু সাগৰীয় পথেৰে সৰবৰাহ হোৱা ২৮ নিযুত মেট্রিক টনৰ পৰা ২০২৪ চনত কয়লাৰ পৰিমাণ ৫৪ নিযুত মেট্রিক টনলৈ বৃদ্ধি পায়। কেৱল ৰে’লপথেৰে কয়লা সৰবৰাহৰ তুলনাত সাগৰীয় পথেৰে পৰিবহণ কৰা কয়লাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে বর্তমান দেশৰ কয়লা খনিসমূহৰ পৰা উৎপাদিত কয়লা বিভিন্ন শক্তি উৎপাদন কেন্দ্ৰলৈ প্ৰথমে ৰে’ল, পাছত জাহাজ আৰু পুনৰ ৰে’লপথেৰে পৰিবহণ কৰা হয়। এইদৰে কয়লা পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন পৰিবহণ ব্যৱস্থাৰ সহায় লোৱাৰ ফলত দেশত কয়লা ইন্ধনৰ কার্যকৰী ব্যৱহাৰ সুনিশ্চিত হৈছে বুলি সূত্ৰটোৱে লগতে প্ৰকাশ কৰে।
Assamese | March 1, 2025 12:22 PM | Coal Movement Doubles in 2 Years | RSR Mode Eases Rail Congestion
দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধিঃ কয়লা মন্ত্ৰ্যালয়