মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনৰ নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত ২৫ মেগাৱাট বিদুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অসম শক্তি উৎপাদন নিগম লিমিটডে আৰু অইল ইণ্ডিয়াৰ যৌথ উদ্যোগত আজি দিনৰ ২ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী নন্দিতা গার্লোছা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, বিধায়ক তৰংগ গগৈ, অইল ইণ্ডিয়া লিমিটেড আৰু এ পি ডি চি এলৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। উল্লেখযোগ যে আজি আধাৰশিলা স্থাপন হ’বলগীয়া ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ সংযোজনে অসমৰ বিদ্যুৎ ক্ষেত্ৰক এটা নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Assamese | June 14, 2024 12:19 PM | C M Namrup
নামৰূপত আজি মুখ্যমন্ত্রীৰ ২৫ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন