কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে কোনো পৰিয়ালৰ একমাত্র কন্যা শিশুৰ মেধা বৃত্তি আঁচনিৰ বাবে যোগ্য শিক্ষার্থীক অনলাইন আবেদন কৰিবলৈ আহ্বান জনাইছে। শিক্ষা পৰিষদে জনোৱা অনুসৰি ২০২৪ চনত চি বি এছ ইৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হৈ চি বি এছ ইৰ অন্তর্গত বিদ্যালয়ত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা কোনো পৰিয়ালৰ একমাত্ৰ ছাত্ৰীয়ে এই বৃত্তি আঁচনিৰ বাবে আবেদন কৰিব পাৰিব । লগতে ২০২৩ চনত প্ৰদান কৰা মেধা বৃত্তি আঁচনিৰ নবীকৰণৰ বাবেও অনলাইন আবেদন কৰিবলৈ আহ্বান জনাইছে। আবেদন দাখিলৰ শেষ তাৰিখ অহা ২৩ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। শিক্ষার্থীসকলে মেধা বৃত্তি আঁচনিৰ সবিশেষ তথ্য তথা প্ৰপত্ৰ চি বি এছ ই ৱেবছাইটত লাভ কৰিব পাৰিব ।
Assamese | November 22, 2024 8:24 PM | CBSC
একমাত্র কন্যা শিশুৰ মেধা বৃত্তি আঁচনিৰ বাবে অনলাইন আবেদন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ