আঞ্চলিক সংবাদ

May 30, 2024 2:38 PM

views 54

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত...

May 30, 2024 2:33 PM

views 49

ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি শেহতীয়া ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, এ পি ডি চি এল কর্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ-দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ তথা ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং যোগে এখন...

May 30, 2024 2:31 PM

views 58

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে'ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে'লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে'লৱে কিছুসংখ্যক ৰে'লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশ...

May 30, 2024 2:28 PM

views 51

আজি অসম মাধ্যমিক শিক্ষা পৰিষদে ‘ছেবা ছাৰ্ভিচ’ প’ৰ্টেল মুকলি কৰিব

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ছেবা ছাৰ্ভিচ প’ৰ্টেল মুকলি কৰিব। সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ এই প'ৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত ছেবাৰ সচিবে স্বাক্ষৰ কৰা জাননীখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰথম গোট পৰীক্ষা, ছমহীয়া ...

May 30, 2024 2:25 PM

views 57

৪ জুনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীৰ্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে ...

May 30, 2024 2:18 PM

views 44

পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত স্বদেশত উপস্থিত

পাকিস্তানৰ কাৰাগাৰত নাবালক পুত্ৰসহ ডেৰ বছৰে বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত কালি স্বদেশত উপস্থিত হ’ল। দিল্লীৰ আৰু সীমান্ত অঞ্চল পঞ্জাবত আইনী কামকাজ সম্পন্ন কৰাৰ পাছতে তেওঁ দুই-এদিনতে নগাঁৱৰ স্বগৃহত উপস্থিত হ'ব। মহিলাগৰাকীক ১১ বছৰীয়া পুত্ৰসহ পঞ্জাবৰ ৱাঘা সীমান্তত পাকিস্তান চৰকাৰে ভাৰতীয় কৰ্ত...

May 30, 2024 2:15 PM

views 59

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। কামাখ্যা মন্দিৰৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাই আকাশবাণীৰ সংবাদদাতাক জনোৱা অনুসৰি ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। অম্বুবাচীৰ সময়ছোৱাত প্ৰতিবছৰে নীলাচল পাহাৰ...

May 30, 2024 1:54 PM

views 52

৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে।

May 30, 2024 1:49 PM

views 62

মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা স...

May 30, 2024 1:40 PM

views 54

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ। অসম আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈ ঘূণীয়া হোৱা দাসে পৰৱৰ্তী সময়ত সামাজিক আৰু ৰাজনৈতিক ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।