November 2, 2024 12:36 PM | by-election

printer

১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ‘বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত কালি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। চামগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিল্লুৰঞ্জন শৰ্মাৰ হৈ কেবিনেট মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিমল বৰাই কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ লগতে চিৰাঙৰ ছিদলী সমষ্টিতো প্ৰাৰ্থী আৰু সমৰ্থকসকলে ব্যাপক প্ৰচাৰ চলাইছে। ইপিনে, বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্ৰজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।