আজিৰে পৰা বোকাখাতত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এই গ্রন্থমেলাত গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্রিক উত্তৰণ সম্ভৱ এই চিন্তাক মূল বিষয় হিচাপে লোৱা হৈছে। আজি গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী বিশিষ্ট চিত্রশিল্পী চম্পক বৰবৰাই মুকলি কৰে। বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতাই গ্রন্থমেলাখন উদ্বোধন কৰি উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে আয়োজিত বোকাখাত গ্রন্থমেলাৰ উদ্যোক্তাসকলৰ প্ৰশংসা কৰে। গ্ৰন্থমেলাৰ সৈতে খাপ খুৱাই আয়োজন কৰা ভার্চুৱেল ব্যৱস্থাৰ সাহিত্য সন্মিলনত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কবি নীলিম কুমাৰ আৰু গল্পকাৰ মণিকংকণা বৰবৰালৈ পুলিন-পুতুল স্মাৰক সাহিত্য বঁটা আগবঢ়োৱা হয়।
Assamese | March 22, 2025 9:11 PM | Bokakhat Book Fair
বোকাখাত নাট্য মন্দিৰত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা আৰম্ভ