February 22, 2025 9:24 PM | bhupendar yadav minister

printer

ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিত গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱৰ

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে ভৱিষ্যতৰ নেতা গঢ় দিয়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন শিক্ষণ, ব্যক্তিগত আচৰণ আৰু দার্শনিক অন্তর্দৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত চউল শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে নেতৃত্ব মানে কেৱল উচ্চ পদবী লাভ কৰাই নহয়, বৰঞ্চ নেতৃত্ব হৈছে ধাৰাবাহিক শিক্ষণ, বিকাশ আদি। মন্ত্ৰীগৰাকীয়ে লগতে গতিশীল বিশ্বত বর্তমান বাহ্যিক পৰিঘটনা আৰু চিন্তাৰ দ্বাৰা বিচলিত হোৱাটো সহজ বুলি মন্তব্য কৰে। তেওঁ কয়, যে দৈনন্দিন জীৱনৰ বিশৃংখলতাৰ মাজত শান্তি অক্ষুণ্ণ ৰাখিবলৈ আত্মনিয়ন্ত্ৰনৰ অভ্যাস কৰিব লাগিব ।