অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কালি বিশিষ্ট কবি মনহৰি বায়নক ২০২৬ বৰ্ষৰ অলকেশ কলিতা কার্যদ্ৰষ্টা সন্মান প্ৰদান কৰা হয়। বিশিষ্ট গল্পকাৰ তথা সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক ড° কুলধৰ শইকীয়াই কবি বায়নক এই বঁটা প্ৰদান কৰে।
আলোচক জ্যোতি খাটনিয়াৰে কবি অলকেশ কলিতাৰ কাব্যকৃতি সন্দৰ্ভত বক্তৃতা দিয়ে। অনুষ্ঠানত বিশিষ্ট কবি লুটফা হানুম ছেলিমা বেগম, নীলিম কুমাৰ, ৰাজীৱ বৰুৱা, পূৰ্ণ ভট্টাচাৰ্য আদিকে ধৰি ভালেসংখ্যক কবি, সাহিত্যিক উপস্থিত থাকে। অলকেশ কলিতাৰ সোঁৱৰণত এ কে ফাউণ্ডেচনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটাত গামোচা, অংগবস্ত্র, প্রশস্তি পত্ৰ আৰু ২৫ হাজাৰ টকাৰ এখন চেক্ আছে।