April 3, 2024 1:33 PM

views 138

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফৰ

♦ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্ৰাজা আছিফে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰিছে। ইছলামাবাদৰ সংসদ ভৱনৰ বাহিৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুকীয়া পৃষ্ঠভূমি আছে। অৱশ্যে নিৰ্বাচনৰ পাছতহে এই সম্পর্ক উন্নত কৰিব প...

April 3, 2024 1:33 PM

views 149

অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব

♦ ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ ...

April 3, 2024 1:27 PM

views 170

এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান

♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়া...

April 3, 2024 1:25 PM

views 122

দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত

বিধি বলৱৎকাৰী সঞ্চালকালয়ে দিল্লী জল বোর্ডৰ মুখ্য অভিযন্তা জগদীশ কুমাৰ আৰোৰা আৰু অন্যান্যসকলৰ পৰা প্ৰায় ৯ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সাময়িকভাৱে বাজেয়াপ্ত কৰিছে। বাজেয়াপ্ত কৰা সকলো স্থাৱৰ সম্পত্তি দিল্লীৰ। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত...

April 3, 2024 1:16 PM

views 152

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ অৰিন্দম বাগচিৰ

♦ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কালি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ'ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত দুয়োগৰাকী নেতাই গোলকীয় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাকে ধৰি পৰম্পৰাগত ঔষধ আৰু ডিজিটীয় স্বাস...

April 3, 2024 1:13 PM

views 131

IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাত বিন্দিয়া ৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক

♦ ভাৰতত বিন্দিয়া ৰাণী দেৱীয়ে কালি থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কমনৱেলথ গেমছত ৰূপ পদক বিজেতা বিন্দিয়া ৰাণীয়ে মুঠ ১৯৬ কিলোগ্রাম ভাৰ উত্তোলন কৰি তৃতীয় স্থান দখল কৰে। উত্তৰ কোৰিয়াৰ কাং হ্যোন গ্যোঙে সোণৰ আৰু ৰোমা...

April 3, 2024 1:02 PM

views 122

আই পি এলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ২৮ ৰানত পৰাস্ত

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা বেংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৮ ৰানত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰানহে কৰিবলৈ সমৰ...

April 3, 2024 12:59 PM

views 142

২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী

অহা ২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নির্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য ...

April 3, 2024 12:27 PM

views 85

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ শ্ল’গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা

♦ সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্ল'গান আৰু জিংগ্‌ল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্ন...

April 3, 2024 12:22 PM

views 100

নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে

♦ নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে। কালি জাৰি কৰা এই নিৰ্দেশত জিলা আয়ুক্তগৰাকীক সোনকালে জিলাখনৰ তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াগৰাকীক দায়িত্ব অর্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। Read More :  দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল  প্ৰথম পৰ্...