♦ ভাৰতত বিন্দিয়া ৰাণী দেৱীয়ে কালি থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কমনৱেলথ গেমছত ৰূপ পদক বিজেতা বিন্দিয়া ৰাণীয়ে মুঠ ১৯৬ কিলোগ্রাম ভাৰ উত্তোলন কৰি তৃতীয় স্থান দখল কৰে। উত্তৰ কোৰিয়াৰ কাং হ্যোন গ্যোঙে সোণৰ আৰু ৰোমানিয়াৰ কেম্বেই মিহেলা- ৱেলেণ্টিনাই ৰূপৰ পদক অৰ্জন কৰে। মণিপুৰৰ ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ক্লিন এণ্ড জার্ক শিতানত সৰ্বাধিক ১১৩ কিলোগ্রাম ভাৰ উত্তোলন কৰে। ইয়াৰ পূৰ্বে আঘাতৰ বাবে ৬ মাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা সতীৰ্থ খেলুৱৈ মীৰা বাই চানুৱে মহিলাৰ ৪৯ কিলোগ্রাম ওজন শাখাত দ্বাদশ স্থান লাভ কৰে।
Assamese | April 3, 2024 1:13 PM | Bindiya Rani Devi | bronze medal | competition | IWF | weightlifting | World Cup
IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাত বিন্দিয়া ৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক