April 8, 2024 12:25 PM

views 51

দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাটোৱে লোকসভা নিৰ্বাচনৰ উদ্দেশ্যঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। তেওঁ লগতে কয় যে, চৰকাৰৰ বিভিন্ন নীতিৰ ফলস্বৰূপে ভাৰতে বর্তমান গোলকীয় ক্ষেত্ৰত বিনিয়োগৰ বিকাশৰ লগতে এটা উল্লেখনীয় স্থান লাভ কৰিছে। পশ্চ...

April 8, 2024 12:22 PM

views 41

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত মনোনয়ন দাখিল কৰা হৈছে৷ এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা...

April 8, 2024 12:20 PM

views 56

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। মৰৱা বিমানবন্দৰ গ্ৰাউণ্ডত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা ত...

April 8, 2024 12:18 PM

views 60

প্রধানমন্ত্ৰী মোদীয়ে আজি চত্তিশগড়ৰ বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প শংখনাদ সমদল আৰম্ভ কৰিব

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ বাষ্টাৰ জিলাত এটা নির্বাচনী সমদলত অংশ ল'ব। চত্তিশগড়ৰ বনমন্ত্ৰী কেদাৰ কাশ্যপে কৈছে যে, প্রধানমন্ত্ৰীয়ে বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প শংখনাদ সমদল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ লোকসভা সমষ্টিৰ ভানিপুৰীৰ আমাবল গাঁৱত এখন সভাক ...

April 8, 2024 12:14 PM

views 63

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেইবাটাও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যে কাইলৈ অসমত উপস্থিত হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড় সমষ্টিত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে একেদিনাই শোণিতপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু লখিম...

April 8, 2024 12:12 PM

views 48

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ প্ৰাৰ্থীৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্রী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে আজিৰে পৰা অসমত ক...

April 8, 2024 12:09 PM

views 56

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া অব্যাহত

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদান প্রক্রিয়া চলি আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও ইতিমধ্যে পোষ্টেল বেলটৰ জৰিয়তে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হ'বলগীয়া সমষ্টিসমূহত...

April 8, 2024 11:48 AM

views 53

অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ১০২ সেৱা আৰম্ভ কৰিব অসম আৰক্ষীয়ে

অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তৎকালীন কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰেই ১০২ সেৱা আৰম্ভ কৰিব। ট’ল ফ্রি এই নম্বৰত ফোন কৰিলেই অসম আৰক্ষীৰ লোক ঘৰলৈ আহি অভিযোগৰ ভিত্তিত এজাহাৰ গ্ৰহণ কৰিব। দেৰগাঁৱৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তেওঁ ক...

April 8, 2024 11:40 AM

views 57

ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি, বিভিন্ন কৰ্মশালাৰ আয়োজন

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ছাত্ৰ সন্থ...

April 8, 2024 11:33 AM

views 64

CAA কাৰ্যকৰীকৰণৰ জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ত শুনানি

নাগৰিকত্ব সংশোধনী আইন তথা চমুকৈ CAA কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সম্পর্কে কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। ভাৰত চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নির্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন হস্তক্ষেপ আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি ...