গ্রীষ্মকালত ৰে’লযাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে। এখন বিশেষ ৰে’ল গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত চলাচল কৰিব। গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজৰ বিশেষ ৰে’লখন অহা ১ মে’ৰ পৰা ২৬ জুনলৈ প্ৰতি বুধবাৰে সন্ধিয়া ৬.১৫ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে নিশা ৩.৩০ বজাত শ্ৰীগংগানগৰ পাবগৈ। ৰে’লখনে ৫ মে’ৰ পৰা ৩০ জুনলৈ উভতনি যাত্ৰাত শ্ৰীগংগানগৰৰ পৰা প্ৰতি দেওবাৰে দিনৰ ১.২০ মিনিটত যাত্ৰা আৰম্ভ কৰি বুধবাৰে নিশা ১২.২৫ মিনিটত উপস্থিত হ’ব। আনহাতে নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত চলিবলগীয়া বিশেষ ৰে’লখনে অহা ২ মে’ৰ পৰা ২৭ জুনলৈ প্ৰতি বৃহস্পতিবাৰে সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা আৰম্ভ কৰি দেওবাৰে দিনৰ ৯ বজাত এছ এম ভি টি বেংগালুৰু পাবগৈ। ৰে’লখনে ৬ মে’ৰ ১ জুলাইলৈ উভতনি যাত্ৰাত প্ৰতি সোমবাৰে নিশা ১২.৩০ মিনিটত এছ এম ভি টি বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে ১.১৫ মিনিটত নিউ তিনিচুকীয়াত উপস্থিত হ’ব।
Assamese | April 28, 2024 1:20 PM | Indian Railway
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা