দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত অৰবিন্দ সিং লাভলীয়ে কয় যে, দিল্লী কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল। কিয়নো দিল্লী কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টী গঠন হৈছিল। ইয়াৰ পিছতো দলটোৱে দিল্লীত আম আদমী পাৰ্টীৰ সৈতে মিত্রতা কৰিছে। দিল্লী কংগ্ৰেছৰ দলীয় কৰ্মীসকল আপৰ এনে ভুৱা অপপ্ৰচাৰত অসন্তুষ্ট বুলিও তেওঁ পত্ৰখনত উল্লেখ কৰে।
Assamese | April 28, 2024 6:10 PM | Congress
দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীৰ পদত্যাগ