April 7, 2024 1:18 PM

views 68

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি  দেলহি কেপিটেলছ মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। ইয়াৰে বিয়লি চাৰে ৩ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন খেলত দেলহি কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। আনহাতে সন্ধিয়া চাৰে ৭ বজাত লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণ...

April 7, 2024 1:09 PM

views 66

উত্তৰ-পূৰ্বাঞ্চলত ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত অহা ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, চট্টিশগড়, পশ্চিমবংগ আৰু ওড়িশাৰ বিভিন্ন অংশত আজি বতৰ অতি বেয়া হ'ব পাৰে বুলি সতর্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে বিভাগ...

April 7, 2024 1:04 PM

views 50

গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত

গোৱালপাৰা জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে ৭ গৰাকী আহত হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, দুধনৈ থানাৰ অন্তর্গত আমজোঙাৰ দীনদয়াল মহাবিদ্যালয়ৰ সমীপত বনভোজকাৰী দলৰ এখন বাহনে এখন সামগ্ৰী কঢ়িওৱা বাহনক খুন্দিওৱাৰ ফলত দলটোৰ দুজন লোক ...

April 7, 2024 12:59 PM

views 49

মঙলদৈ, হাইলাকান্দি জিলাত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচী

মঙলদৈ জিলা পুথিভৰাঁলত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প্রশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্রহণকাৰী বিষয়াসকলৰ প্রশিক্ষণ সম্প...

April 7, 2024 12:55 PM

views 42

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১৯, ২৬ এপ্ৰিল আৰু ৭ মে'ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ...

April 7, 2024 12:50 PM

views 69

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ডিব্ৰুগড় সমষ্টিৰ দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্রী, বি টি আৰৰ ...

April 7, 2024 12:45 PM

views 97

উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযান

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে কালি চি পি আই এমৰ ভাৰত বিৰোধী ষড়যন্ত্রমূলক গোচৰ সংক্ৰান্তত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত অভিযান চলায়। NIAৰ দলে উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে ৰুজু কৰা গোচৰৰ সংক্ৰান্তত উত্তৰপ্ৰদেশ বাল্লীয়া জিলাৰ ১১টা স্থানত আৰু বিহাৰৰ কাইমুৰ জিলাৰ এটা স্থানত এ...

April 7, 2024 12:40 PM

views 83

পশ্চিমবংগৰ মেদনিপুৰ জিলাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলৰ ওপৰত হোৱা আক্ৰমণক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰক বিজেপিৰ তীব্র সমালোচনা

বিজেপিয়ে পশ্চিমবংগৰ মেদনিপুৰ জিলাত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলৰ ওপৰত হোৱা আক্ৰমণক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্র ছেহজাদ পুনেৱালাই ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি দিনক দিনে বেয়াৰ পিনে ঢাল খোৱা বুলি অ...

April 7, 2024 12:36 PM

views 64

কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা নিশা কেৰালাৰ ক'জিকোড লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম টি ৰমেশৰ সমৰ্থনত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। ৰোড শ্ব'ৰ অন্তত তেওঁ দলীয় কর্মীসকলক সম্বোধন কৰে। কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি অভিহিত কৰি তেওঁ দুয়োটা দলেই দুৰ্নীতিৰ প্ৰতি আগ্...

April 7, 2024 12:27 PM

views 85

জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ তীব্র সমালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জয়পুৰৰ এটা সমাবেশত জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক তীব্র সমালোচনা কৰিছে। শ্ৰীশ্বাহে কালি সামাজিক মাধ্যমযোগে কয় যে, কংগ্ৰেছ দলে কাশ্মীৰৰ সৈতে কি সম্পর্ক বুলি প্ৰশ্ন কৰাটো সঁচাকৈয়ে লজ্জাজনক। শ্ৰীশ্বাহে কয় যে, তেওঁ কংগ্...