লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগ আদিকে ধৰি ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান অহা ১৯ এপ্রিলত বন্ধ থাকিব। একেদৰে দ্বিতীয় পর্যায়ত অহা ২৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, নগাঁও, কৰিমগঞ্জ, শিচলৰ সংসদীয় সমষ্টিৰ অধীনৰ এলেকাৰ ক্ষেত্ৰতো একে নিয়ম প্রযোজ্য হ’ব। তৃতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত অহা ৭ মে’ত বন্ধৰ এই নিৰ্দেশনা কাৰ্যকৰী হ’ব।
Assamese | April 7, 2024 12:55 PM | Assam | Lok Sabha Election
লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা