ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে কালি চি পি আই এমৰ ভাৰত বিৰোধী ষড়যন্ত্রমূলক গোচৰ সংক্ৰান্তত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত অভিযান চলায়। NIAৰ দলে উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে ৰুজু কৰা গোচৰৰ সংক্ৰান্তত উত্তৰপ্ৰদেশ বাল্লীয়া জিলাৰ ১১টা স্থানত আৰু বিহাৰৰ কাইমুৰ জিলাৰ এটা স্থানত এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা লোকৰ ঘৰত অভিযান চলায়। সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানত মোবাইল ফোন, ছিম কার্ড, মেম’ৰি কাৰ্ডকে ধৰি বহুতো ডিজিটেল যন্ত্ৰপাতিৰ লগতে আপত্তিজনক নথিপত্রও জব্দ কৰা হৈছে।
Assamese | April 7, 2024 12:45 PM | NIA
উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযান