August 19, 2024 11:37 AM

views 41

কোকৰাঝাৰত ২১ ছেপ্টেম্ৱৰত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত পৰহিলৈ ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্রতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধ...

August 18, 2024 8:38 PM

views 40

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায়ঃ গৃহমন্ত্রী অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায় বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে, এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ১৮৮ গৰা...

August 18, 2024 8:36 PM

views 37

ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত দেশবাসীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাখী বন্ধনৰ প্ৰাক মুহূৰ্তত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৰাখী বন্ধন হৈছে ভাই-ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ, যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উৎসৱ ধৰ্মীয় আৰু সাংস্কৃতিক সী...

August 18, 2024 8:34 PM

views 33

কুৱেইটৰ ৰাজকুমাৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কুৱেইটৰ ৰাজকুমাৰ শ্বেখ ছাবাহ আল খালেদ আল ছাবাহ আল হামাদ আল মুবাৰক আল ছাবাহক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু কুৱেইটে শতিকাজুৰি শুভেচ্ছা আৰু মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ কয় যে, দুয়োখন দেশৰ সাম্প্...

August 18, 2024 8:31 PM

views 40

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাটা ছেৰি আনৱাৰ বিন ইব্রাহিমে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ এয়া হ'ব প্ৰথম হ'ব বিদেশ ভ্রমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী অহা ...

August 18, 2024 8:29 PM

views 42

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবা পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু  নেপালৰ মাজত নিয়মীয়া উচ...

August 18, 2024 8:24 PM

views 29

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ চেন্নাইৰ আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চেন্নাইৰ ভাৰতৰ উপকূলৰক্ষী বাহিনীৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত আঞ্চলিক সামুদ্রিক প্রদূষণ সঁহাৰি কেন্দ্ৰ, আৰ এম পি আৰ চি মুকলি কৰে। এই কেন্দ্ৰৰ জৰিয়তে সমুদ্রত তেলৰ অপব্যয় ৰোধ কৰিবলৈ বিশেষ দৃষ্টিভংগী নিশ্চিত কৰি এটা নিৰ্দিষ্ট অঞ্চলৰ ভিতৰৰ দেশসমূহৰ মাজৰ সহযোগিতা বৃদ্ধি ...

August 18, 2024 8:20 PM

views 46

বাংলাদেশ চৰকাৰৰ মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত

বাংলাদেশ চৰকাৰে মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই সিদ্ধান্ত গ্রহণ কৰিছে। বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহ জালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এনে যাত্ৰীসকলৰ শৰীৰৰ ...

August 18, 2024 8:18 PM

views 80

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাত সংঘটিত দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু, ৩৭ গৰাকী লোক আহত

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাৰ ছালেমপুৰ আৰক্ষী চকীৰ সমীপত হোৱা এটা দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ গৰাকী লোক আহত হয়। আহত সকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৪ গৰাকী মিৰাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন...

August 18, 2024 7:57 PM

views 34

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভত অৰিহণা যোগোৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক আজি মৈদাম প্ৰাঙ্গনত সম্বৰ্ধনা জনোৱা হয়। স্বৰ্গদেউসকলৰ স্মৃতি তর্পন সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন আৰু চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আয়োজিত এই সভাত সোণাৰীৰ বিধ...