February 9, 2025 8:24 PM

views 50

আম আদমী পাৰ্টীৰ চৰকাৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীবাসীক নিশ্চিতি প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ'ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত ৪৮ খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমর্থকক সম্বোধন...

February 9, 2025 8:18 PM

views 101

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গোড়খপুৰ জংচনৰ নতুন প্রকল্পৰ পর্যালোচনা

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোড়খপুৰৰ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্রকল্পটো পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূর্ণ হোৱাৰ পাছত জনসাধাৰণ...

February 9, 2025 8:15 PM

views 52

মধ্য গাজাৰ নেটজাৰিম কৰিড’ৰৰ পৰা ইজৰাইলৰ সেনাৰ প্ৰত্যাৱৰ্তন

ইজৰাইলে মধ্য গাজাৰ নেটজাৰিম কৰিড'ৰৰ পৰা নিজৰ সেনা ঘূৰাই আনিছে। এই কথা হামাছে নিশ্চিত কৰিছে। ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ বিৰতি চুক্তিৰ অংশস্বৰূপে দেশখনে সেনা ঘূৰাই আনিছে। ইয়াৰ পাছতে পেলেষ্টাইনী আৰক্ষীয়ে অঞ্চলটোৰ মাজেৰে পেলেষ্টাইনৰ লোসকলৰ অহা-যোৱাৰ ব্যৱস্থা সুৰক্ষিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে...

February 9, 2025 8:04 PM

views 86

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লব

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা-যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্রিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বড়ে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্র মহাকুম্ভৰ দৃশ্যও ...

February 9, 2025 7:59 PM

views 50

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। এই ভ্রমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ সৈতে কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰা। কাইলৈ তেওঁ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সলৈ যাব। পেৰিচত হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা স...

February 9, 2025 8:28 PM

views 80

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৩১ জন মাওবাদীৰ মৃত্যু হৈছে। এই সংঘর্ষত দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে। চত্তিশগড় আৰক্ষীয়ে জনোৱা মতে সংঘৰ্ষত মৃত্যু হোৱা সকলো মাওবাদীৰ মৃতদেহ ইতিমধ্যে ঘন জংগলৰ উদ্ধাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বীজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্য...

February 9, 2025 7:42 PM

views 24

এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ইংলেণ্ডৰ ৩০৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ইংলেণ্ডে কটকত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৩০৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি প্রথমে বেট ধৰি ভ্ৰমণকাৰী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ৩০৪ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জ' ৰুটে সৰ্বাধিক ৬৯, বেন ডাকেটে ৬৫ আৰু লিয়াম লিভিংষ্টনে ৪১ ৰাণৰ বৰঙণি আগবঢ়ায়। জ...

February 9, 2025 7:38 PM

views 63

তিনিচুকীয়া জিলাৰ শদিয়াত শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়াত আজি শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। সদ্যপ্রয়াত শিল্পীগৰাকীৰ টোপচিঙা গাঁৱত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক সমবেত হৈছে। ধৰ্মীয় পৰম্পৰাৰে আয়োজিত আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। এই সভাত শিল্পী মহে...

February 9, 2025 7:33 PM

views 36

যোৰহাটত মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতা বহুসংখ্যক খেলুৱৈৰ অংশগ্ৰহণ

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ক্ৰীড়া প্রতিভা বিকাশৰ বাবে অসম চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ বিভিন্ন জিলাত চলি আছে। যোৰহাট সাঁতোৰ সন্থাৰ জলক্রীড়া প্ৰকল্পত আজি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। মাণ্ডলিক পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলা...

February 9, 2025 7:30 PM

views 62

মাজুলীত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

মাজুলী মীন শিল্প সমবায় সমিতি লিমিটেড আৰু ইষ্টার্ণ ষ্টন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত বৃক্ক তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মাজুলীৰ মহকিনাত থকা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই শিবিৰত ৬৫০গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য শিবিৰটোত লেজাৰমেন খ্যাত ড...