ইজৰাইলে মধ্য গাজাৰ নেটজাৰিম কৰিড’ৰৰ পৰা নিজৰ সেনা ঘূৰাই আনিছে। এই কথা হামাছে নিশ্চিত কৰিছে। ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ বিৰতি চুক্তিৰ অংশস্বৰূপে দেশখনে সেনা ঘূৰাই আনিছে। ইয়াৰ পাছতে পেলেষ্টাইনী আৰক্ষীয়ে অঞ্চলটোৰ মাজেৰে পেলেষ্টাইনৰ লোসকলৰ অহা-যোৱাৰ ব্যৱস্থা সুৰক্ষিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য ৪ মাইল দীঘলীয়া নেটজাৰিম কৰিড’ৰটো ইজৰাইলী সেনাই যুদ্ধ আৰম্ভ হোৱাৰ এমাহ পূৰ্বৰ পৰাই দখল কৰি ৰাখিছিল। ইয়াৰ ফলত উত্তৰ গাজা আৰু দক্ষিণ গাজাৰ মাজৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া এই যুদ্ধ বিৰতিৰ পাছত দক্ষিণ গাজাত আশ্ৰয় লৈ থকা বহু পেলেষ্টাইনীলোকে নিজৰ গৃহলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিছে।
Assamese | February 9, 2025 8:15 PM | israel hamas war
মধ্য গাজাৰ নেটজাৰিম কৰিড’ৰৰ পৰা ইজৰাইলৰ সেনাৰ প্ৰত্যাৱৰ্তন