ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা-যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্রিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বড়ে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্র মহাকুম্ভৰ দৃশ্যও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্রহণ কৰিব।
Assamese | February 9, 2025 8:04 PM | Mahakumbha Mela | President Droupadi Murmu
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লব