January 25, 2025 8:07 PM

views 57

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। ...

January 25, 2025 8:04 PM

views 22

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে দেশৰ বহুকেইগৰাকী আৰক্ষী বিষয়া তথা জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াৰ লগতে উল্লেখনীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসম...

January 25, 2025 8:02 PM

views 77

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনত পোনপটীয়াকৈ প্ৰচাৰ

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত কাইলৈ হ'বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯ বাজি ৪০ মিনিটৰ পৰা হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ',...

January 25, 2025 8:01 PM

views 32

মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আজি মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানতে বিটিচিৰ পৰ্যটন বিভাগে গাওঁখনক পর্যটন বিভাগৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰে। বিট...

January 25, 2025 8:00 PM

views 26

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰটোৰ চৌহদত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

January 25, 2025 7:58 PM

views 30

গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস’ উন্মোচন

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক তথা জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস' নামৰ গ্ৰন্থ এখন আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উন্মোচন কৰা হয়। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অগতানুগতিকভাৱে গীত-কথা আৰু অন্তৰংগ আলাপৰ মাজেৰে গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখিকা লীন...

January 25, 2025 7:56 PM

views 32

যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন

গুৱাহাটী জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ সহযোগত এইবাৰ যোৰহাটত ১৭ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা আয়োজন কৰা হৈছে। যোৰহাট ষ্টেডিয়ামত ২৯ জানুৱাৰীৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখনত আঠটা দলে অংশগ্রহণ কৰিব। অংশগ্ৰহণকাৰী দলসমূহৰ হ'ল- যোৰহাট টাউন ক্লাৱ, বৰপেটা স্পোর্টছ ক্লাৱ, ভ...

January 25, 2025 6:41 PM

views 45

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্...

January 25, 2025 6:40 PM

views 33

৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে হাউলীৰ পৰা বৰপেটা, মুকালমুৱা, হাজো হৈ আমিনগাঁৱলৈকে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণত অনুমোদন জনাইছে। এই পথছোৱা নিৰ্মাণৰ বাবে শীঘ্ৰেই নিবিদা জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ...

January 25, 2025 6:35 PM

views 54

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰ...