ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে এই উদ্যমীকেইগৰাকীক গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উদ্যোগত এই উদ্যমীকেইগৰাকী দিল্লীলৈ ৰাওনা হৈছে। এইবেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি বিভিন্ন ক্ষেত্ৰৰ সফল আৰু দক্ষ উদ্যমীক তেওঁলোকৰ পৰিয়ালৰ সদস্যসহ কুচকাৱাজত বিশেষভাৱে সংৰক্ষিত আসনত বহিবলৈ দি সন্মান জনোৱা হ’ব।
Assamese | January 25, 2025 6:35 PM | Republic Day
ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ