January 22, 2025 12:26 PM

views 10

নুমলীগড় তিনিআলিৰ পৰা শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথত আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহনৰ চলাচল বন্ধ

নুমলীগড় তিনিআলিৰ পৰা নুমলীগড় শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহন, ট্রাক, বাছ আদিৰ চলাচল বন্ধ থাকিব। পুৱা ৪ বজাৰ পৰা ১০ বজালৈ নুমলীগড় জাহাজ ঘাটৰ পৰা এন আৰ এললৈ বৃহৎ আকাৰৰ যন্ত্ৰ কঢ়িয়াই অনাৰ সময়ত হ'ব পৰা যান-জঁট আৰু জনসাধাৰণৰ অসুবিধাৰ প্...

January 22, 2025 12:25 PM

views 20

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত কালিৰে পৰা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বহিঃৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা অঞ্...

January 22, 2025 12:24 PM

views 32

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ সামৰণি

কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ জানুৱাৰীৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্রামত অনুষ্ঠিত শিল্পগ্রাম মহোৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কালাৰ্ছ অব্ ইণ্ডিয়া শীৰ্ষক বাৰে...

January 22, 2025 12:22 PM

views 52

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া কুঁৱলীয়ে আৱৰি ৰাখিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱ...

January 22, 2025 12:21 PM

views 28

বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি

চৰকাৰে বেটী বচাও বেটী পঢ়াও আঁচনিৰ দশম বর্ষপূর্তি উদযাপন কৰিছে। কন্যা শিশুক সুৰক্ষা, শিক্ষা প্ৰদান আৰু সবলীকৰণৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই আঁচনিয়ে ১০ বছৰ সম্পূৰ্ণ কৰিলে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ এটা সূত্ৰই জনোৱা অনুসৰি আজি নতুন দিল্লীত হ'বলগীয়া বৰ্ষপূর্তি অনুষ্ঠানত সশস্ত্র বাহিনী, পেৰামিলি...

January 22, 2025 12:19 PM

views 22

চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোটক ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ প্ৰশংসা

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চত্তীশগড়ত মাওবাদীবিৰোধী অভিযানত সফলতা লাভ কৰা বিশেষ অভিযান গোট এছ অ' জিক প্ৰশংসা কৰিছে। এই অভিযানত ১৪জন মাওবাদীৰ মৃত্যু হয়। বিশেষ অভিযান গোটৰ সদস্যসকলৰ বাবে এই সফলতা লাভৰ পাছতেই ৮ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ অতিৰিক্ত ভাত্তা বৃদ্ধি কৰা হৈছে। অভিযানৰ সময়ত জোৱ...

January 22, 2025 12:17 PM

views 18

গোৱাত কেইবাটাও ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু গাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি গোৱাত কেইবাটাও ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে। গোৱাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্রকল্পসমূহে ৰাজ্যখনৰ নদী, পৰ্যটন আৰু আমদানি-ৰপ্তানি খণ্ডৰ উন্নয়নত বিশেষ অৰিহণা যোগাব। কেন্দ্ৰীয় মন...

January 22, 2025 12:16 PM

views 11

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ’ৰ সাক্ষাৎ

আমেৰিকাৰ বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ'ই যোৱা নিশা ৱাশ্বিংটন ডিচিত থকা আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ত কোৱাড গোষ্ঠীৰ সতীৰ্থসকলক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীসকল ক্ৰমে ভাৰতৰ ড০ এছ জয়শংকৰ, জাপানৰ তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ পেনি ৱং এই সাক্ষাতত উপস্থিত থাকে। কোৱাড হৈছে সৰ্বাংগীন, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত...

January 22, 2025 12:15 PM

views 28

কলকাতাত আজি ভাৰত-ইংলেণ্ডৰ টি২০ শৃংখলাৰ প্ৰথমখন খেল

কলকাতাৰ ইডেন গার্ডেনত আজি সন্ধিয়া হ'বলগীয়া পাঁচখন টি ২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি২০ আৰু তিনিখন এদিনীয়া খেল খেলিব। প্রবীণ পেচ বলাৰ মহম্মদ ছাম...

January 22, 2025 12:13 PM

views 21

ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি ভাৰতৰ পি ভি সিন্ধু আৰু ভিয়েটনামৰ টি এল নগুয়েনৰ খেল

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি মহিলাৰ ছিংগলছত ভাৰতৰ প্রবীণ শ্বাটলাৰ পি ভি সিন্ধু ভিয়েটনামৰ টি এল নগুয়েনৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময়মতে আবেলি ৪ বাজি ৪০ মিনিটত আৰম্ভ হ'ব। আনহাতে লক্ষ্য সেনে ৰাউণ্ড ৩২ ইভেণ্টত জাপানৰ টাকুমা ওবায়াচীৰ মুখামুখি হ'ব। খেলখন সন্ধিয়...