জাকার্টাত চলি থকা ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি মহিলাৰ ছিংগলছত ভাৰতৰ প্রবীণ শ্বাটলাৰ পি ভি সিন্ধু ভিয়েটনামৰ টি এল নগুয়েনৰ মুখামুখি হ’ব। খেলখন ভাৰতীয় সময়মতে আবেলি ৪ বাজি ৪০ মিনিটত আৰম্ভ হ’ব। আনহাতে লক্ষ্য সেনে ৰাউণ্ড ৩২ ইভেণ্টত জাপানৰ টাকুমা ওবায়াচীৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭ বাজি ১০ মিনিটত আৰম্ভ হ’ব। কালি প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ দিনা তানিশা ক্ৰেষ্টো আৰু অশ্বিনী পোনাপ্পাৰ যুটিটোৱে মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত অৰ্নিচা জংচাথাপৰ্ণপাৰ্ণ আৰু চুকিট্টা চুৱাচাইৰ থাই যুটিটোক ২১–৬, ২১-১৪ত পৰাস্ত কৰে। আনহাতে ভাৰতৰ তাৰকা যুটি সাত্বিক চাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে তেওঁলোকৰ পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত টাইৱানৰ যুটি চেন ঝি ৰে আৰু লিন য়ু চিয়েহৰ বিৰুদ্ধে জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।
Assamese | January 22, 2025 12:13 PM | indonesia master super 500
ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি ভাৰতৰ পি ভি সিন্ধু আৰু ভিয়েটনামৰ টি এল নগুয়েনৰ খেল