কলকাতাৰ ইডেন গার্ডেনত আজি সন্ধিয়া হ’বলগীয়া পাঁচখন টি ২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি২০ আৰু তিনিখন এদিনীয়া খেল খেলিব। প্রবীণ পেচ বলাৰ মহম্মদ ছামীয়ে ভাৰতীয় দললৈ দীৰ্ঘদিনৰ বিৰতিৰ পাছত এই শৃংখলাত ভাগ লব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ২ ফেব্ৰুৱাৰীত মুম্বাইত চূড়ান্ত টি-২০ খেলত ভাগ ল’ব। টি-২০ শৃংখলাৰ পিছত ৬ ফেব্ৰুৱাৰীৰ পৰা দুয়োখন দেশৰ মাজত এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব।
Assamese | January 22, 2025 12:15 PM | india-england t20
কলকাতাত আজি ভাৰত-ইংলেণ্ডৰ টি২০ শৃংখলাৰ প্ৰথমখন খেল