February 6, 2025 12:38 PM

views 35

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নির্মাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ক্ষেত্র বিষয়াসকলক নিৰ্দেশ

সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪ হাজাৰ ৯৬ কিলোমিটাৰ জোৰা এলেকাত অবৈধ নির্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ক্ষেত্র বিষয়াসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰু...

February 6, 2025 12:37 PM

views 44

সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ ৰূপৰেখাসহ শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ৰূপৰেখাসহ ৰাজ্য চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক শপতনামা দাখিলৰ নিৰ্দেশ দিছে। আদালতৰ নিৰ্দেশনা অনুসৰি অহা ৬ মাৰ্চত এই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে সোণাই ৰ...

February 6, 2025 12:32 PM

views 18

সংৰক্ষিত কীৰ্তিচিহ্নৰ স্বীকৃতি নোপোৱা, আৰু সংৰক্ষণৰ ব্যৱস্থা নকৰা কীৰ্তিচিহ্নসমূহৰ চিনাক্তকৰণ ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পুৰাতত্ব আইনৰ অধীনত এতিয়াও সংৰক্ষিত কীৰ্তিচিহ্ন হিচাপে স্বীকৃতি নোপোৱা আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ থকা আহোম ৰাজত্বকালৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চিনাক্তকৰণ প্ৰক্ৰিয়া ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণ...

February 6, 2025 12:29 PM

views 30

যোৰহাটত আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

যোৰহাটত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। জিলাখনৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলী অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। আজি পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হৈছে। পৰহিল...

February 6, 2025 12:26 PM

views 27

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈছে। কালি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই মহোৎসৱ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খনৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° হাজৰিকাই সমৱেত লেখক-সাহিত্যিকসকল...

February 6, 2025 12:23 PM

views 35

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীক কৰ্ণাটকৰ ছেদামত ‘ভাৰত গৌৰৱ’ সন্মান প্ৰদান

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীক কৰ্ণাটকৰ ছেদামত আয়োজিত ভাৰতীয় সংস্কৃতি উৎসৱত ভাৰত গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে শ্রী গোস্বামীক এই সন্মান প্রদান কৰা হৈছে। যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা কৰ্ণাটকত অনুষ্ঠিত এই উ...

February 6, 2025 12:22 PM

views 19

ধেমাজিত কাইলৈৰ পৰা তিনিদিনীয়াকৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন

ধেমাজিত কাইলৈৰ পৰা সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ২০১৭ চনত ডিব্ৰুগড়ত গঠন হোৱা সোণোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ সমাজ, ভাষা-সংস্কৃতিকে ধৰি বিভিন্ন দিশত উত্তৰণৰ বাবে প্ৰয়াস কৰি আহিছে। অধিৱেশনৰ অংশ হিচাপে সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত গৃহ উদ্বোধন, গ্ৰন্থ ...

February 6, 2025 12:20 PM

views 34

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনা...

February 6, 2025 12:18 PM

views 44

ৰাষ্ট্ৰীয় ক্রীড়াত নৱম দিনলৈকে অসমৰ ২০টা পদক লাভ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ নৱম দিনপর্যন্ত অসমৰ পদকৰ সংখ্যা ২০লৈ বৃদ্ধি হৈছে। ল'ৰা-ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাত নৱাগত লনবল খেলুৱৈ বিতু দাস, সুৰঞ্জনা বৰুৱাৰ লগতে পুৰুষৰ ডাবলছত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ৰূপৰ পদক লাভ কৰে। লনবলৰ বাকী থকা ৪টা ইভেণ্টৰ খেল আজি অনুষ্ঠিত হ'ব। কালি...

February 6, 2025 12:15 PM

views 47

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই আগজাননী...